নিউজ ডেস্ক। এআইইউডিএফৰ সৈতে মিত্ৰতা এটা পাপ আছিল কংগ্ৰেছৰ বাবে। সংবাদ মাধ্যমৰ সন্মুখত অনুশোচনা ব্যক্ত কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে এআইইউডিএফ-কংগ্ৰেছৰ মিত্ৰতা আৰু বিবাদক লৈ ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে প্ৰতিক্ৰিয়া।
বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই এআইইউএফৰ বিৰুদ্ধে ৰিপুণ বৰাৰ পৰা ১.৬ কোটি লোৱা বুলি দাবী কৰাৰ পিছতে তুংগত উঠিছে দুয়োটা দলৰ সংঘাত।
তাৰ পিছতে মঙলবাৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় যে তেওঁ সভাপতি হৈ থকালৈকে এআইইউডিএফৰ সৈতে কেতিয়াও পুনৰ মিত্ৰতা নহয়।
তেওঁ লগতে কয়, ‘‘AIUDFৰ লগত মিত্ৰতা আমাৰ পাপ আছিল। পাপৰ প্ৰায়চিত্ত কৰিবৰ বাবে ৰাইজৰ ওচৰলৈ যাম।’’
আনহাতে এআইইউডিএফৰ সৈতে মিত্ৰতাক তেওঁ কেতিয়াও স্বীকাৰ কৰা নাছিল বুলি মন্তব্য কৰি ভূপেন বৰাই কয়, ‘‘আমাৰ জ্যেষ্ঠ–কনিষ্ঠ কিছু সংখ্যকে হকে–বিহকে কথা কৈ থকা দেখিছো। AIUDF দলৰ ওপৰত কোনো দিনেই মোৰ ভাল ভাৱ নাছিল, দলীয় আলোচনাৰ বাবেহে এই সিদ্ধান্ত লবলৈ বাধ্য হৈছিলো। দলে লোৱা সিদ্ধান্তত মই মনে মনে আছিলো।’’
লগতে কমলাক্ষ দে পুৰকায়স্থই কৰা মন্তব্য তেওঁ উঠাই লৈছে বুলিও মন্তব্য কৰে ভূপেন বৰাই।
সমাগত গুৱাহাটী পৌৰ নিগমৰ প্ৰতি এতিয়া কংগ্ৰেছে অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয়, ‘‘ৰাজ্যসভা নিৰ্বাচনত যি হ’ব লগা আছিল হৈ গ’ল। এতিয়া সেই কথাতকৈ গুৱাহাটীৰ সমস্যা, মূল্যবৃদ্ধি আদিৰ বিষয়েহে চিন্তা কৰাৰ সময়। সুবিধাবাদী প্ৰৱণতা আৰম্ভ হৈছে, মূৰৰ পৰা মাছ গেলিছে, নীতি–আদৰ্শ এইবোৰ বাদ দি ৰাজনীতি কৰাত লাগিছে। শত্ৰু এতিয়া চিনাক্ত হৈছে।’’
আনহাতে ৰমজান মাহ শেষ হ’লেই এআইইউডিএফৰ দখলত থকা সমষ্টিসমূহত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে ভূপেন বৰাই।
যদি এআইইউডিএফৰ সৈতে পুনৰ মিত্ৰতা হয়, তেন্তে কংগ্ৰেছে প্ৰদেশ সভাপতি সলনি কৰিব লাগিব বুলিও মন্তব্য কৰে ভূপেন বৰাই।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আদৰ্শৰ পৰা বিচলিত হোৱাৰ বাবেই আজি কংগ্ৰেছে এনে অৱস্থাৰ সন্মুখীন হবলগীয়া হৈছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে তেওঁৰ কাৰ্যকালত কংগ্ৰেছৰ বাহুবলী নেতা নাই বুলিও দাবী কৰে।
অন্যহাতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীয়ে গীতাৰ কথা কৈ থাকে। গীতাতে লিখা আছে, যিখিনি আজি তোমাৰ, সেইখিনি এদিন মোৰ হ’ব পাৰে।’’









