নিউজ ডেস্ক। চিৰাঙৰ ভাৰত-ভূটান সীমান্তত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ২ বন্দুকধাৰী দুৰ্বৃত্ত।
জানিব পৰা মতে, সোমবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ খুংগ্ৰীঙত সংঘটিত হয় আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।
আৰক্ষীৰ অভিযানৰ সময়ত প্ৰথমে গুলীচালনা কৰা দুৰ্বৃত্তৰ দলটোলৈ লক্ষ্য কৰি আৰক্ষীয়েও গুলীবৰ্ষণ কৰাত ২ বন্দুকধাৰী দুৰ্বৃত্ত নিহত হয়।
নিহত দুৰ্বৃত্ত দুজনক প্ৰাক্তন এনএলএফবি সদস্য বুলি ধাৰণা কৰা হৈছে।

ইফালে এই সংঘৰ্ষত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীও গুৰুতৰভাৱে আহত হয়।
হাতত দুটাকৈ গুলী লগাৰ পিছত আৰক্ষী অধীক্ষক গৰাকীক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।
লক্ষণীয়াভাৱে, আৰক্ষীৰ গুলীত নিহত দুৰ্বৃত্ত দুজন কিছুদিন পূৰ্বে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীত সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে।
অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই।
লগতে চাওকঃ
নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে










