নিশা GMCH ৰ ICU ৰ বিছনাৰ পৰা সন্ধানহীন ৰোগী, লাগিল হাহাকাৰ

নিউজ ডেস্ক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন!

নিশা হাস্পতালৰ আই চি ইউৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হ’ল এজন ৰোগী।

অৱশ্যে পুৱাহে ৰােগীজনৰ নিৰুদ্দেশৰ বিষয়ে তথ্য লাভ কৰে আই চি ইউৰ চিকিৎসক নাৰ্ছে, তাৰ পিছতে লাগে হাহাকাৰ।

G1 3
নিশা GMCH ৰ ICU ৰ বিছনাৰ পৰা সন্ধানহীন ৰোগী, লাগিল হাহাকাৰ 3

জানিব পৰা মতে, বিভাগীয় ব্যৱস্থাৰ বিপৰীতে গােপনে হাস্পতালৰ বিছনাৰ পৰা অন্তৰ্ধান হােৱা ৰোগীজনৰ নাম বাপন পাল (৩৮)। ঘৰ কাৰ্বি আংলং জিলাৰ ডিফুত।

শ্বাস প্রশ্বাসজনিত সমস্যাত ভুগি থকা ৰোগীজনক যোৱা ৩০ মাৰ্চত ডিফু মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছিল।

তেতিয়াৰে পৰা শনিবাৰে নিশাপর্যন্ত প্রতি মুহূর্ততে ৰোগীজনে অক্সিজেনৰ চিলিণ্ডাৰৰ সহায়ত উশাহ-নিশাহ লৈ আছিল।

কিন্তু এনে অৱস্থাত কিদৰে ৰোগীজন বিছনাৰ পৰা নোহোৱা হ’ল তাকে লৈ হাহাকাৰ লাগে পৰিয়ালৰ লগতে জি এম চি এইচত।

ঘটনা সন্দৰ্ভত ৰোগীজনৰ পৰিয়ালৰ লগতে জি এম চি এইচ কর্তৃপক্ষয়ো ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল যদিও সন্ধিয়ালৈ ডিফুৰ নিজ গৃহত উপস্থিত হয় বাপন পাল নামৰ ৰোগীজন।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

G5
নিশা GMCH ৰ ICU ৰ বিছনাৰ পৰা সন্ধানহীন ৰোগী, লাগিল হাহাকাৰ 4

Leave a Comment