আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গঁড় চিকাৰী হেলালুদ্দিন।
নগাঁৱৰ জখলাবন্ধা আৰক্ষীয়ে দেওবাৰে কাজিৰঙাত গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জখলাবন্ধা আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই গঁড় চোৰাং চিকাৰীৰ মাষ্টাৰ মাইণ্ড হেলালুদ্দিনক গ্ৰেপ্তাৰ কৰে।
২০১৯ চনৰ ২১ এপ্ৰিলত জখলাবন্ধাত থ্ৰী নট থ্ৰী ৰাইফলসহ গ্ৰেপ্তাৰ হোৱা চাৰি চোৰাং চিকাৰীৰ তথ্যৰ ভিত্তিত হেলালুদ্দিনক চামগুৰিৰ কুহুমতলিৰ পৰা গ্ৰেপ্তাৰ কৰে জখলাবন্ধা আৰক্ষীয়ে।
উল্লেখ্য যে চোৰাং চিকাৰীৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষীয়ে বিগত কিছু দিনৰ পৰা ধাৰাবাহিক অভিযান চলাই থকা পৰিলক্ষিত হৈছে।
জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ পৰা চোৰাং চিকাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।









