অসম

ক’লৈ গ’ল পিংকী বৰা? সন্ধানহীন মাতৃক বিচাৰি ৩ সন্তানৰ হিয়াভগা কান্দোন…

মাতৃক বিচাৰি তিনি সন্তানৰ হিয়া ভঙা কান্দোন।

নাৰায়ণপুৰত ১৩ আগষ্টৰ পৰা সন্ধানহীন এগৰাকী তিনিটা সন্তানৰ মাতৃ।

ৰহস্যজনক ভাৱে ১৬ দিন ধৰি সন্ধানহীন হৈ আছে নাৰায়ণপুৰৰ মধুপুৰৰ পিংকী বৰা নামৰ বোৱাৰীগৰাকী।

১৩ আগষ্টত লখিমপুৰৰ ননদৰ ঘৰলৈ যাম বুলি গৈ আজিলৈকে ঘূৰি নাহিল বোৱাৰীগৰাকী।

স্বামী আৰু কণমানি তিনি সন্তানে এতিয়া মাকক বিচাৰি হাহাকাৰ কৰি ফুৰিছে।

অৰুণাচলৰ নাহৰলাগুনত দিন হাজিৰা কৰি পত্নী আৰু তিনিটি সন্তানক পোহপাল দি অহা কৃষ্ণকান্ত বৰাৰ পত্নী পিংকী বৰা।

ইতিমধ্যে স্বামীয়ে নাৰায়ণপুৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে কোনো শুংসুত্ৰ নাই পিংকী বৰাৰ।

তিনি সন্তান আৰু স্বামীক এৰি পৰপুৰুষৰ সৈতে পলাই যোৱাৰ সন্দেহ প্ৰকাশ স্বামীৰ।

এই ঘটনাই অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *