বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত গুৱাহাটী পৌৰ নিগমৰ ৪০ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত…

বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত গুৱাহাটী পৌৰ নিগমৰ ৪০ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত।

২৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্খাস্তৰ নিৰ্দেশ চৰকাৰৰ।

পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ দিনত পাইছিল এইসকল কৰ্মচাৰীয়ে নিযুক্তি।

প্ৰতিবেদনত কোৱা হৈছিল যে জি এম চিৰ শীৰ্ষ বিষয়াসকলে কোনো আনুষ্ঠানিক নিযুক্তি প্ৰক্ৰিয়া অবিহনেই এইসকল কৰ্মচাৰী নিযুক্তি দিছিল।

শনিবাৰে এটা তথ্য অনুসন্ধান সমিতিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে উক্ত ৪০ গৰাকী কৰ্মচাৰীক নিলম্বন কৰে।

অৱশ্যে, কৰ্তৃপক্ষই এতিয়ালৈকে নিযুক্তিৰ সৈতে জড়িত বিষয়াসকলৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Leave a Comment