অসম

৬১১৬ মিটাৰ উচ্চতাৰ য’গিন-৩ আৰোহণ আৰোহণ কৰিলে অসম পৰ্বতাৰোহণ সন্থাৰ দলে…

য’গিন-৩ আৰোহণ আৰোহণ কৰিলে অসম পৰ্বতাৰোহণ সন্থাৰ দলে।

উত্তৰ পূৰ্বাঞ্চল দুঃসাহসিক ক্ৰীড়াৰ বাটকটীয়া সংগঠন অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰা প্ৰাক এভাৰেষ্ট অভিযানৰ অংশ হিচাপে য’গিন-৩(৬১১৬) আৰোহণ কৰিলে সন্থাৰ এটা দলে।

সন্থাৰ ৯ জনীয়া এটা দলে ২৬ আগষ্টৰ পুৱা ৮ঃ৩০ বজাত ৬১১৬ মিটাৰ উচ্চতাৰ য’গিন-৩ আৰোহণ কৰিবলৈ সক্ষম হৈছে।

মানস বৰাৰ নেতৃ্ত্বত গৈছে ৯ জনীয়া দলটো।

এই পৰ্বতাৰোহী দলটোত আছিল মানস বৰা, উপেন চক্ৰৱৰ্তী, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, শেখৰ বৰদলৈ, ধ্ৰুব জ্যোতি হাজৰিকা, কৌশিক দাস, কৃষ্ণ বসুমতাৰী আৰু ৰুবি বৰা।

অসম পৰ্বতাৰোহন সন্থাৰ এই অভিযানৰ পৃষ্ঠপোষকতা কৰিছে অসম চৰকাৰে।

Image

Leave a Reply

Your email address will not be published. Required fields are marked *