ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন।
বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা জাগীৰোড আৰু কাছাৰ কাগজ কল দুটাক লৈ গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত কেবিনেটৰ।
৩৭৫ কোটি টকাৰে কাগজ কল দুটা ক্ৰয় কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে।
লগতে ৩-৪ মাহৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক আদায় দিয়া হ’ব বকেয়া দৰমহা।
আনহাতে কাজিৰঙাত ৭টা ইক’ ছেনজিটিভ জ’ন গঠনৰ সিদ্ধান্ত কেবিনেটৰ।
কাজিৰঙাৰ ১০ কিঃমিঃ আঁতৰে আঁতৰে ইক’ ছেন্সিটিভ জ’ন ঘোষণা
১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব। ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হৈছে।









