সামাজিক মাধ্যমত মা-কামাখ্যা সন্দৰ্ভত অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ বিতোপন গগৈ…

সামাজিক মাধ্যমত মা-কামাখ্যা সন্দৰ্ভত অশালীন মন্তব্য এজন যুৱকৰ।

মেৰাপানীৰ যুৱক বিতোপন গগৈয়ে মা কামাখ্যা সন্দৰ্ভত সামাজিক মাধ্যমত কৰিছিল অশালীন মন্তব্য।

ইতিমধ্যে যুৱকজনক গোলাঘাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত দাখিল কৰা হৈছিল এক এজাহাৰ।

কামাখ্যাৰ বৰদেউৰী সমাজৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক।

গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিতোপনক।

Leave a Comment