ৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ! ৮ গৰাকী লোকৰ কৰুণ মৃ্ত্যু, কেইবাজনো আহত…

হোলীৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃ্ত্যুক সাৱটিলে ৮ গৰাকীকৈ লোক, আহত কেইবাজনো।

কৰ্ণাটকৰ তুমাকুৰু জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

তীব্ৰবেগী যাত্ৰীবাহী ব্যক্তিগত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই লুটি খাই পৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত বাছখনত প্ৰায় ৬০ জন যাত্ৰী আছিল বুলি কৰ্ণাটক আৰক্ষীয়ে জানিব দিয়ে।

আৰক্ষীয়ে জানিব দিয়া মতে, ৬০ জন যাত্ৰীৰ ভিতৰত ৮ গৰাকী যাত্ৰীৰ দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱাৰ বিপৰীতে ১৫ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোক সকলক চিকিৎসাৰ বাবে হস্পিটেলত ভৰ্তি কৰোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *