ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীক গৌৰৱান্বিত কৰা গৃহৰক্ষী জােৱানক সম্বৰ্ধনা এছপিৰ

নিউজ ডেস্ক। সুদীৰ্ঘ সময় ধৰি বিনা পাৰিশ্ৰমিকৰে ডিব্ৰুগড় জিলাত যান-বাহন নিয়ন্ত্ৰণত জড়িত হৈ থকা গৃহৰক্ষী জোৱান শ্বেন মেক নায়াৰে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে নিজৰ ত্যাগৰ স্বীকৃতি।

EZg5HXaUcAAK5ZF
ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীক গৌৰৱান্বিত কৰা গৃহৰক্ষী জােৱানক সম্বৰ্ধনা এছপিৰ 4

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘দ্য ড্ৰাইভাৰ কেৰ’ল এৱাৰ্ড’ লাভ কৰা জােৱানজনক সম্বৰ্ধনা জনালে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই।

ডিব্ৰুগড় আৰক্ষী অধীক্ষক কাৰ্যালয়ত সোমবাৰে গৃহৰক্ষী জোৱান শ্বেন মেক নায়াৰক আৰক্ষী অধীক্ষক মিশ্ৰাই এখন স্বীকৃতি পত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

photo 2022 03 15 12 02 39
ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীক গৌৰৱান্বিত কৰা গৃহৰক্ষী জােৱানক সম্বৰ্ধনা এছপিৰ 5

উল্লেখ্য যে শেহতীয়াকৈ গৃহৰক্ষী জোৱান নায়াৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্থা ‘দ্যা ড্ৰাভাৰ কেৰল এৱাৰ্ড’ বঁটা প্ৰদান কৰা হৈছিল।

সুদীৰ্ঘ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে ডিব্ৰুগড় যান-বাহন নিয়ন্ত্ৰণত জড়িত হৈ এইগৰাকী ব্যক্তিৰ বিষয়ে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰাত শেহতীয়াকৈ অসম আৰক্ষীয়ে গৃহৰক্ষী জোৱান হিচাপে নিযুক্তি প্ৰদান কৰিছে।

লগতে চাওকঃ

পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই, বাংলাদেশীও অসমীয়াতকৈ ভালঃ পৰেশ বৰুৱা

220 1
ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীক গৌৰৱান্বিত কৰা গৃহৰক্ষী জােৱানক সম্বৰ্ধনা এছপিৰ 6

Leave a Comment