অসম

গুৱাহাটীৰ অৱদেশ যাদৱৰ হত্যাকাৰীক গ্ৰেপ্তাৰ, বিহাৰৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত পংকজ কুমাৰক…

গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত আৰক্ষীৰ জালত।

বিহাৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পংকজ কুমাৰক।

২১ ফেব্ৰুৱাৰী তাৰিখে নিশাৰ ভাগত গুৱাহাটীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

256

অৱশেষত সেই হত্যাকাণ্ডৰে মূল অপৰাধীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা ধৃত হত্যাকাৰীজনৰ নাম পংকজ কুমাৰ। 

২১ ফেব্ৰুৱাৰীত পংকজ কুমাৰে গুৱাহাটীত আহি ঘৰৰ সমুখতে নিশা গুলিয়াই থৈ গৈছিল ব্যৱসায়ী অৱদেশ যাদৱক। 

গুলীচালনাৰ ঘটনাৰ পিছত নিশাই ততাতৈয়াকৈ মাৰোৱাৰী মেটেৰনিতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাইছিল অৱদেশ যাদৱে।

ডব্লিউৰ প্লেনিঙত পংকজে গুৱাহাটীত আহি গুলীয়াই থৈ গৈছিল অৱদেশক। কিন্তু বৰ্তমানেও আৰক্ষীৰ জালত পৰা নাই ডব্লিউ যাদৱ। 

ডব্লিউ যাদৱ নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ আৰক্ষীৰ।

লগতে চাওকঃ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু আম আদমী পাৰ্টী

G6 6

Leave a Reply

Your email address will not be published. Required fields are marked *