বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল! দিল্লীতকৈও বেয়া মহানগৰীৰ একাধিক স্থানৰ পৰিস্থিতি

নিউজ ডেস্ক। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ মহানগৰীৰ বায়ুমণ্ডল।

গুৱাহাটীৰ কেইবাটাও স্থানৰ দৈনিক গড় বায়ু মানদণ্ড সূচক (একিউআই) অতি দুৰ্বল হৈ পৰিছে।

লক্ষণীয়াভাৱে প্ৰদূষণৰ চহৰ হিচাপে পৰিচিত দিল্লীতকৈও এতিয়া বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ একাধিক স্থানৰ বায়ু।

বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল! দিল্লীতকৈও বেয়া মহানগৰীৰ একাধিক স্থানৰ পৰিস্থিতি 3

চলিত বৰ্ষৰ মাৰ্চৰ প্ৰথম ১২ দিনত গুৱাহাটীৰ বায়ুৰ মানদণ্ড ‘দুৰ্বল শ্ৰেনী’ৰ অন্তৰ্গত আছিল যদিও সোমবাৰে একিউআই ৩১০লৈ বৃদ্ধি পায়।

আজিও মহানগৰীত বায়ুৰ মানদণ্ড অতি দুৰ্বল হিচাপে চিহ্নিত হৈছে। যাৰ ফলত মহানগৰীৰ একাধিক এলেকা ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰবোৰৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে।

উল্লেখ্য যে, একিউআই হৈছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰন ব’ৰ্ডৰ দ্বাৰা কৰা বায়ুৰ মানদণ্ড নিৰ্ধাৰণ। একিউআই ০-৫০ ভিতৰত থাকিলে স্বাস্থ্যকৰ বায়ু বুলি গণ্য কৰা হয়। সেইদৰে ৫১-১০০ লৈ সন্তোষজনক, ১০১-২০০লৈ মধ্যমীয়া, ২০১-৩০০লৈ দুৰ্বল, ৩০১-৪০০লৈ অতি দুৰ্বল আৰু ৪০১-৫০০ লৈ গুৰুতৰ বা বিপদজনক বুলি চিহ্নিত কৰা হয়।

‘দুৰ্বল’ শ্ৰেণীৰ একিউআইৰ দীঘলীয়া সংস্পৰ্শলৈ অহাৰ ফলত শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ লগতে বিভিন্ন ৰোগে দেখা দিয়ে। আনহাতে ‘অতি দুৰ্বল’ শ্ৰেণীৰ একিউআইৰ ফলত শ্বাস প্ৰশ্বাসৰ ৰোগৰ লগতে হৃদ ৰোগ, চালৰ ৰোগ আদিতো ভুগাৰ আশংকা বৃদ্ধি পায়।

উল্লেখ্য যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰকাশ কৰা দেশৰ ১৫০ খন চহৰৰ বায়ুৰ মানদণ্ডৰ তথ্যত যোৱা দুটা দিন ত(১৩ আৰু ১৪ মাৰ্চ)ত গুৱাহাটীকে ধৰি দেশৰ কেৱল ৩ খন চহৰৰ বায়ুৰ মানদণ্ড ‘অতি দুৰ্বল’ হিচাপে চিহ্নিত কৰা হৈছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, বিহাৰৰ চাচাৰামৰ আজিৰ দিনটোৰ একিউআই ‘অতি দুৰ্বল’ হিচাপে চিহ্নিত হৈছে। যাৰ একিউআই হৈছে 302। তাৰ বিপৰীতে দিল্লীৰ পঞ্জাৱী বাগৰ আজিৰ দিনটোৰ একিউআই হৈছে ৩০১।

কিন্তু তথ্য অনুসৰি, গুৱাহাটীৰ ৰে’লৱে ক’লনীৰ আজিৰ একিউআই হৈছে ৩১০। আনহাতে পান বজাৰৰ আজিৰ দিনটোৰ গড় বায়ু মানদণ্ড হৈছে ৩০২। যি অতি দুৰ্বল বায়ু হিচাপে চিহ্নিত হৈছে।

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে এনে দূষিত বায়ুৰ বাবে প্ৰাকৃতিক কাৰণত দোষাৰোপ কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সকলোকে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

লক্ষণীয়ভাৱে যান-বাহনৰ চলাচল বৃদ্ধিয়েও বায়ু প্ৰদূষণৰ মূল কাৰক হৈ পৰিছে। ইয়াৰ বিপৰীতে প্ৰদূষণৰ বিৰুদ্ধে গণ সচেতনতা তথা চৰকাৰী পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি মহানগৰীৰ বায়ু ভয়াবহৰূপত প্ৰদূষিত হোৱা বুলিও মন্তব্য কৰিছে সচেতন মহলে।

লগতে চাওকঃ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু আম আদমী পাৰ্টী

G6 6
বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল! দিল্লীতকৈও বেয়া মহানগৰীৰ একাধিক স্থানৰ পৰিস্থিতি 4

Leave a Comment