আজি মন্ত্ৰী-বিধায়কক লগত লৈ চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰী, উপভোগ কৰিব ‘দ্য কাশ্মিৰী ফাইলছ’…

আজি মন্ত্ৰী-বিধায়কক লগত লৈ চিনেমা চাবলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সন্ধিয়া ৬ বজাত চিটি চেণ্টাৰ পিভিআৰত তেওঁ উপভোগ কৰিব সদ্য মুক্তিপ্ৰাপ্ত হিন্দি ছবি ‘দ্য কাশ্মিৰী ফাইলছ’।

উল্লেখ্য যে, কাশ্মিৰী পণ্ডিতৰ ওপৰত হোৱা নিৰ্যাতনৰ ওপৰত বিজয় অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত বাস্তৱধৰ্মী ছবি ‘দ্য কাশ্মিৰী ফাইলছ’ যোৱা ১১ মাৰ্চত সমগ্ৰ ভাৰতৰ লগতে অসমৰ ছবি গৃহসমূহতো মুক্তি লাভ কৰিছে।

১৯৯০ চনৰ পৰা ২০০৭ চনলৈ চলা কাশ্মিৰী পণ্ডিত হত্যা আৰু নিৰ্যাতনৰ বাস্তৱ ঘটনাৰ ওপৰত নিৰ্মাণ কৰা এই ছবিখনৰ মুক্তিলাভৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ ঘৃণণীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ‘দ্য কাশ্মিৰী ফাইলছ’-এ বিজেপি আৰু অন্যান্য ৰাজনৈতিক দলক এক বৃহৎ ইছ্যু প্ৰদান কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে।

image 4
আজি মন্ত্ৰী-বিধায়কক লগত লৈ চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰী, উপভোগ কৰিব 'দ্য কাশ্মিৰী ফাইলছ’... 2

এনে পৰিপ্ৰেক্ষিততে মধ্যপ্ৰদেশকে ধৰি বিভিন্ন বিজেপি শাসিত ৰাজ্যই ইতিমধ্যে এই ছবিখনৰ ওপৰত ৰাজ্য চৰকাৰৰ কৰ উঠাই লৈছে। অৱশ্যে অসমত ছবিগৃহৰ শোচনীয় অৱস্থাৰ বাবে কোনো ছবিৰ ওপৰত কৰ আৰোপ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কংগ্ৰেছৰ ঘৃণনীয় ৰাজনীতিক উন্মোচন কৰা এই ছবিখন আজি অৰ্থাৎ মংগলবাৰে সন্ধিয়া ৬ বজাত উপভোগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমক তেওঁ অৱগত কৰা অনুসৰি, ছবিখন চিটি চেণ্টাৰ পিভিআৰত উপভোগ কৰাৰ সময়ত তেওঁৰ সৈতে বিজেপিৰ লগতে অগপ, ইউপিপিএলৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক থাকিব।

Leave a Comment