দলত মই এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি! ন বিজেপিৰ ষড়যন্ত্ৰৰ বলি হ’লোঃ ৰাজেন গোহাঁই…

দলত মই এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি! ন বিজেপিৰ ষড়যন্ত্ৰৰ বলি হ’লো।

দুখ প্ৰকাশ এই মন্তব্য কৰিছে শীৰ্ষ বিজেপি নেতা প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে।

নগাঁও জিলাৰ পুৰণিগুদামত এনেদৰে দুখ প্ৰকাশ কৰি তেওঁ কয়-‘দলত মই এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি! ন বিজেপিৰ ষড়যন্ত্ৰৰ বলি হ’লো। বিজেপিত নতুনকৈ অহা মধ্যৱন্ত নেতা-কৰ্মীয়ে দলটোক গ্ৰাস কৰি পুৰণি দৰিদ্ৰ কাৰ্য্যকৰ্তা সকলক দমন কৰাৰ প্ৰয়াস কৰিছে।

নগাঁও জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পুৰণিগুদাম স্থিত নতুন কাৰ্য্যালয় ভৱনটো উদ্বোধন কৰি এনে মন্তব্য বিজেপিৰ প্ৰবীণ নেতা গৰাকীৰ।

লগতে তেওঁ কয়- পাম খেতি পৰীক্ষামূলক ভাৱে কৰক, নভবা-নিচিন্তাকৈ নহয়! তাৰ বিপৰীতে ছয়াবিন, মাকৈ, ষ্ট’বেৰী আদি ব্যৱসায় ভিত্তিক খেতিত চৰকাৰে মনোনিৱেশ কৰক।

বিজেপি দলৰ ক্ষতি মানেই সমগ্ৰ অসমীয়া জাতিটোৰ ক্ষতি বুলি মন্তব্য কৰে নেতা গৰাকীয়ে।

Leave a Comment