নিউজ ডেস্ক। নগাঁও জিলাৰ ৰহাৰ চাপৰমুখত নিশা অঘটন।
চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু নগাঁও চামুগুৰিৰ শংকৰজ্যোতি নাথ নামৰ এজন আৰক্ষী জোৱানৰ।
জানিব পৰা মতে, কৰিমগঞ্জত অসম আৰক্ষীৰ ১৫ নং বেটেলিয়নত কৰ্মৰত জোৱানজনে নামনিমুৱা শিলচৰ এক্সপ্ৰেছেৰে ঘৰলৈ বুলি আহি আছিল।
কিন্তু চাপৰমুখ ষ্টেচনত ষ্টপেজ নথকাত কিছুদূৰ যোৱাৰ পিছতে জোৱানজনে চলন্ত ৰে’লখনৰ পৰা জাঁপ মাৰি দিয়ে। ফলত থিতাতে নিহত হয় জোৱানজন।
বুধবাৰে চামপৰমুখ ৰে’ল আৰক্ষীয়ে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।









