২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকতেৰে হ’ব এইবছৰৰ মেট্ৰিক পৰীক্ষা…

২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকতেৰে হ’ব এইবছৰৰ মেট্ৰিক পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা।

২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।

সোমবাৰে ছেবাৰ তৰফৰ পৰা এক জাননী যোগে এই কথা প্ৰকাশ কৰা হয়।

উল্লেখ্য যে, ক’ভিডৰ বাবে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিব পৰা নহ’ল মেট্ৰিক পৰীক্ষা।

যাৰ ফলত ব্যাৱহাৰ নোহোৱাকৈয়ে থাকি যায় পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰ বহী সমূহ।

উক্ত প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ছেবাই।

উল্লেখ্য যে,  এইবেলি ছাত্ৰ-ছাত্ৰী সকলক ক’ভিড ভেকচিন প্ৰদান কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইপিনে, এই সিদ্ধান্তক লৈ শংকিত পৰিছে একাংশ অভিভাৱক তথা শিক্ষাৰ্থী।

সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সিদ্ধান্তক অনুচিত বুলি মন্তব্য কৰিছে বিভিন্নজনে।

”এই দুয়োটা বৰ্ষৰ বাবে নিৰ্ধাৰিত syllabus একে নহয়। গতিকে এনে কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্রীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। পৰীক্ষালৈ মাজত মাথোঁ এসপ্তাহ সময় আছে। এনে সময়ত হঠাতে ১০% পাঠ্যক্ৰম বঢ়াই দিয়াতো কোনোপধ্যেই যুক্তিসংগত হব নোৱাৰে।”- হিৰণ্য শইকীয়া (ফেচবুক)

”What a joke!! SEBA is going to conduct HSLC/AHM Exam 2022 using 2021 question papers to avoid misuse of natural resources whereas the syllabus of these two sessions are different. ”- কমল লস্কৰ (টুইটাৰ)

লগতে চাওকঃ

চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু

G04 1
২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকতেৰে হ’ব এইবছৰৰ মেট্ৰিক পৰীক্ষা... 2

Leave a Comment