ৰহস্যজনক! নতুন বাইক নদীত পেলাই উলংগ হৈ পৰিল এজন যুৱক, তাৰ পিছত…

নিউজ ডেস্ক। এখন নতুন গ্লেমাৰ বাইক নৈত পেলাই উলংগ হৈ পলাল এজন যুৱক। বৰপেটা জিলাৰ কলগছিয়াত সংঘটিত এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

প্ৰত্যক্ষদৰ্শীৰ মতে, পুৱা প্ৰায় ৮ বজাত এখন নতুন গ্লেমাৰ বাইকত উঠি ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি বেকী নৈৰ পাৰত উপস্থিত হয় এজন যুৱক।

যুৱকজনে প্ৰথমে নদীত বাইকখন পেলাই দিয়াৰ পিছত এটা এটাকৈ তেওঁ পিন্ধি থকা কাপোৰ, মোবাইল ফোন আদিও নৈৰ পানীত পেলাই দি সম্পূৰ্ণ উলংগ হৈ সেই স্থানৰ পৰা দৌৰি আঁতৰি যায়।

G3 9
ৰহস্যজনক! নতুন বাইক নদীত পেলাই উলংগ হৈ পৰিল এজন যুৱক, তাৰ পিছত... 3

ইফালে যুৱকজনৰ এনে কাণ্ডত হতভম্ব হৈ পৰা স্থানীয় ৰাইজে পিছত নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে নম্বৰ প্লেটবিহীন বাইকখন। ঘটনা সন্দৰ্ভত আৰক্ষীকো খবৰ দিয়ে স্থানীয় ৰাইজে।

জানিব পৰা মতে, যুৱকজনে নৈত পেলাই থৈ যোৱা বাইকখন বৰপেটা জিলাৰ ৰছুলপুৰ গাঁৱৰ নুৰ মহম্মদ আলীৰ পুত্ৰ মাফিদুল ইছলামৰ।

যুৱকজনে বাইক খন চুৰি কৰি আনি ধৰা পৰাৰ ভয়ত তেনেদৰে নৈত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে।

অৱশ্যে যুৱকজনে কিয় নিজৰ সমস্ত কাপোৰ, মোবাইল ফোন নদীত পেলাই থৈ গ’ল, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও যুৱকজনৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই।

লগতে চাওকঃ

আজব ঘটনা! ষ্টেচনত ৰখাই থােৱা এখন ৰে’ল ঠেলি লৈ গ’ল যাত্ৰীয়ে…

p6 2
ৰহস্যজনক! নতুন বাইক নদীত পেলাই উলংগ হৈ পৰিল এজন যুৱক, তাৰ পিছত... 4

Leave a Comment