নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ নেত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
শুক্ৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ নাইৰিটা জয় শুক্লা আক্ৰমণৰ লগতে হত্যাৰ ভাবুকিৰ সন্মুখীন হয়।
কাছাৰ জিলাৰ সোনাই ৩নং ৱাৰ্ডত নাগৰিক নিৰ্বাচন প্ৰচাৰৰ সময়ত দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ উত্থাপন কৰি ইয়াকো কয় যে, আক্ৰমণকাৰী বিজেপিৰ লোক আছিল।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ মনজিৎ মহন্তই জানিবলৈ দিয়া অনুসৰি, কোনো দুৰ্বৃত্তৰ কাৰণ নোহোৱাকৈ নেত্ৰীগৰাকীৰ ওপৰত আক্ৰমণ কৰে আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।
আনহাতে নেত্ৰী নাইৰিটা জয় শুক্লাইয়ো টুইটাৰ যোগে জনোৱা অনুসৰি, নিৰ্বাচনী প্ৰচাৰৰ সময়ত হঠাতে বিজেপিৰ সমৰ্থিত লোক আহি আগভেটি ধৰি জয় শ্ৰী ৰাম ধ্বনি দিবলৈ কয়।
During my campaigning today in Sonai, Cachar I was attacked by BJP gundas. The goon asked me to Jai Shri Ram & when I told him it's Jai Sita Ram & Har Har Mahadev he attacked and then gave death threats. We will be never scared of such goons & we will always fight for the people. pic.twitter.com/rZafrYnrRt
— Naiwritaa Joy Shukla🇮🇳 (@NaiwritaaJoy) March 4, 2022
এই ক্ষেত্ৰত নেত্ৰীগৰাকীয়ে ‘জয় সীতা ৰাম’ আৰু ‘হৰ হৰ মহাদেৱ’ ধ্বনি দিয়ে। কিন্তু ইয়াৰ পাছতো কেৱল জয় শ্ৰী ৰাম নোকোৱাৰ বাবে বিজেপিৰ লোকে আক্ৰমণ কৰে আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বুলি টুইটাৰত উল্লেখ কৰিছে।









