প্ৰধানমন্ত্ৰীয়ে টকাৰ টেপ খুলি দিছে, দিছপুৰত বানপানী হৈছেঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

‘পেইছ’ কে কমী নহী হ্যে।’

এই ডাইলগটো আপোনাৰ বাৰু ক’ৰবাত শুনা শুনা লাগিছেনে? হয়, ঠিকেই ধৰিছে, এয়া টিভিৰ আটাইতকৈ জনপ্ৰিয় কমেডি শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ৰ এটা চৰিত্ৰৰ মুখৰ ডাইলগ। যি ডাইলগ শুনিলে দৰ্শকৰ হাঁহিত থৰকাছুটি হেৰায়।

কিন্তু এইবাৰ এই বচনেই শুনা গ’ল অসমৰ এগৰাকী মন্ত্ৰীৰ মুখত। অৱশ্যেই হিন্দীত নহয়, অসমীয়াতহে।

হাজাৰ হাজাৰ কোটি ঋণৰ বোজাৰে ৰাজ্য চলোৱা অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়েই ভোটাৰক প্ৰলোভিত কৰিবলৈ ক’লে- অসমত পইচাৰ অভাৱ নাই। ধেৰ পইচা আছে অসমৰ।

দৰাচলতে সমাগত পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে আন আন নেতা-মন্ত্ৰীৰ সৈতে চন্দ্ৰমোহন পাটোৱাৰীও। দিল্লী-দিছপুৰত নিজৰ দলৰ চৰকাৰ থকা স্বত্বেও পৌৰসভা নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰিবলৈ ন ন প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছে শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়ক।

এনে পৰিস্থিতিতে পৌৰ সভা এলেকাৰ সৰ্বাংগীন উন্নয়নৰ কথা ক’বলৈ গৈ অসমৰ ওচৰত ধেৰ পইচা থকাৰ কথা কৈ ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েে।

তেওঁ ক’লে- অসমত টকাৰ অসুবিধা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টকাৰ টেপ খুলি দিছে, দিছপুৰত টকাৰ বানপানী হৈছে।

চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও যেতিয়া টকাৰ পাইপ খুলি দিব, তেতিয়া পৌৰসভাত পইচাৰ বান নামিব।

পৌৰ সভাত টকাৰ বান সৃষ্টি কৰাৰ ক্ষেত্ৰত অৱশ্যে এটা চৰ্তও দোহাৰিলে মন্ত্ৰীগৰাকীয়ে। সেয়া হৈছে- যদি বিজেপি প্ৰাৰ্থী জয়ী হয়, তেতিয়াহে মুখ্যমন্ত্ৰীয়ে খুলি দিব টকাৰ টেপ। কিন্তু যদি নিজিকে, তেতিয়া মুখ্যমন্ত্ৰীয়ে যদি টকাৰ টেপ বন্ধ কৰি দিয়ে, তেতিয়া চন্দ্ৰমোহন পাটোৱাৰীয়েও একো কৰিব নোৱাৰিব।

Leave a Comment