দৈনিক ৰাশিফলঃ ২ মাৰ্চ, বুধবাৰ
মেষ ৰাশি- মনত উত্থান-পতন থাকিব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পৰিয়ালৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। শিশুসকলৰ পৰা ভাল খবৰ থাকিব পাৰে। আপুনি পিতৃ-মাতৃৰ সমৰ্থন লাভ কৰিব। নতুন ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ পূৰ্বে অভিজ্ঞ জনৰ সৈতে আলোচনা কৰি লওক। ধৈৰ্য্যৰ অভাৱ হ’ব। চাকৰিয়াল সকলৰ বদলিৰ যোগ আছে। পত্নীৰ সৈতে মতানৈক্য ঘটিব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃষ ৰাশি- পৰিয়ালৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব পাৰে। মাতৃৰ পৰা অৰ্থিকভাৱে সহায় লাভ কৰিব। ৰাজহুৱা স্থানত আজি আপোনাৰ সন্মান বৃদ্ধি পাব। কোনো কাৰণত মানসিক অস্থিৰতা থাকিব পাৰে। বন্ধুৰ সহায়ত উপাৰ্জন বৃদ্ধি হ’ব পাৰে। ব্যৱসায়িক পৰিস্থিতি উন্নত হ’ব। কামৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা আছে। আত্মবিশ্বাসৰ অভাৱ হ’ব।
মিথুন ৰাশি- মানসিক শান্তিৰ বাবে চেষ্টা কৰক। চাকৰিয়াল সকলে উচ্চপদস্থ বিষয়াৰ সহযোগিতা লাভ কৰিব। কৰ্মৰ খাতিৰত ভ্ৰমণ কৰিবলগা হ’ব পাৰে। অধিক ব্যয়ে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ বোজাই পৰিশ্ৰম বৃদ্ধি কৰিব। পৰিয়ালটোত ধৰ্মীয় আৰু মাংগলিক অনুষ্ঠান সম্পন্ন হব। গৃহ সজ্জা আৰু নিৰ্মাণৰ নামত ব্যয় বৃদ্ধি পাব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- মনত হতাশা আৰু অসন্তুষ্টি পৰিহাৰ কৰক। মানসিক শান্তিৰ বাবে চেষ্টা কৰক। পাৰিবাৰিক জীৱন আজি সুখৰ হব। ব্যৱসায়িক পৰিস্থিতি সন্তোষজনক হ’ব। স্বাস্থ্যৰ যত্ন লওক। আনৰ আগত নিজৰ মনৰ কথা খুলি নক’ব। খং পৰিহাৰ কৰি চলক। পৰিয়ালত ধৰ্মীয় কাৰ্যকলাপ থাকিব। পৰিশ্ৰম অধিক হ’ব। পুৰণি বন্ধুৰ সৈতে হঠাৎ সাক্ষাতে আজি আপোনাক আনন্দ দিব।
সিংহ ৰাশি- মন সুখী হ’ব। মনটো শৈক্ষিক কামত নিয়োজিত থাকিব। লিখনি বৌদ্ধিক কামৰ পৰা উপাৰ্জনৰ এক মাধ্যম হ’ব পাৰে। আপুনি এজন ৰাজনীতিবিদক লগ পাব পাৰে। আপুনি ধৰ্মীয় সংগীতৰ প্ৰতি আগ্ৰহী হ’ব পাৰে। পিতৃৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে। মাতৃৰ পৰাও আজি আপুনি সমৰ্থন লাভ কৰিবলৈ সক্ষম হব। বাহনত যাত্ৰা কৰোতে আজি আপুনি সাৱধান হওঁক।
কন্যা ৰাশি- আশা আৰু হতাশাৰ অনুভূতি মনত থাকিব পাৰে। পাৰিবাৰিক জীৱন দুখজনক হ’ব পাৰে। ব্যয়ৰ বিষয়ে সজাগ হ’ব। আপুনি বন্ধুবৰ্গৰ সমৰ্থন পাব পাৰে। চাকৰিত পদোন্নতিৰ সুযোগ থাকিব পাৰে। মনটো অস্থিৰ হৈ থাকিব। পাৰিবাৰিক সমস্যাই ভাৰাক্ৰান্ত কৰিব পাৰে। শিশুৰ স্বাস্থ্যৰ যতন লওঁক।
তুলা ৰাশি- মানসিক শান্তি থাকিব। পাৰিবাৰিক জীৱন সুখৰ হ’ব। বৌদ্ধিক কামৰ পৰা উপাৰ্জন বৃদ্ধি হব পাৰে। পিতৃৰ স্বাস্থ্যৰ অৱনতিয়ে চিন্তিত কৰিব পাৰে। শৈক্ষিক কামত ব্যাঘাত হ’ব পাৰে। পৰিয়ালত শান্তি থাকিব। শিশুসকলৰ পৰা ভাল খবৰ থাকিব পাৰে। ব্যৱসায়িক পৰিস্থিতি উন্নত হ’ব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃশ্চিক ৰাশি- ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি ভাতৃ-ভগ্নীৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওঁক। সামাজিক স্থানত সন্মান বৃদ্ধি হ’ব। মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। বস্ত্ৰ আদিৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। উপাৰ্জন বৃদ্ধি হ’ব।
ধনু ৰাশি- আনৰ সৈতে বাৰ্তালাপ কৰোতে শালীনতা বৰ্তাই ৰাখক। চাকৰিয়ালসকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। বদলিৰো যোগ আছে। পুৰণি বন্ধুৰ পৰা আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম হব। মনত হতাশা আৰু অসন্তুষ্টিৰ অনুভূতি থাকিব। পত্নীৰ স্বাস্থ্যৰ বিকাৰ থাকিব। আনক প্ৰতিশ্ৰুতি প্ৰদানৰ পৰা আজি বিৰত থাকক।
মকৰ ৰাশি- আত্মবিশ্বাস বৃদ্ধি পাব। মানসিক শান্তিৰ বাবে চেষ্টা কৰক। চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজনীয়। পাৰিবাৰিক সমস্যাবোৰে চিন্তিত কৰিব পাৰে। কামৰ ক্ষেত্ৰত অসুবিধা হ’ব পাৰে। উপযুক্ত পৰিশ্ৰমৰ পাছতো সফলতা লাভ নকৰিব পাৰে। সন্ধিয়ালৈ কোনো এক ভাল খবৰ লাভ কৰিব পাৰে।
কুম্ভ ৰাশি- মনত উত্থান-পতন থাকিব। পত্নীৰ সৈতে থকা মানসিক বিবাদৰ আজি অৱসান ঘটিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। ব্যয় বৃদ্ধি হ’ব। মানসিক শান্তি থাকিব, কিন্তু আপোনাৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। অত্যাধিক খং পৰিহাৰ কৰি চলিলে আজি আপোনাৰ বাবে শুভ হব। স্থগিত হৈ থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হব।
মীন ৰাশি- মনটো বিচলিত হ’ব পাৰে। শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাৱি আছে, তেন্তে বিনিয়োগৰ বাবে আজি ভাল দিন। উপাৰ্জন বৃদ্ধি পাব যদিও সমানে ব্যয়ও কৰিবলগা হব পাৰে। মাতৃৰ পৰাও ধন লাভ কৰিব পাৰে। সামাজিক স্থানত সন্মান বৃদ্ধি হ’ব। কামৰ ক্ষেত্ৰত অত্যাধিক পৰিশ্ৰম হ’ব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল










