অসম

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ বাহিনীৰে সংঘৰ্ষত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।

নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানত নিহত লস্কৰ-ই-তৈবাৰ শীৰ্ষস্থানীয় দুগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।

নিহত হোৱা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী দুজনৰ নাম আব্বাছ চেইখ আৰু চাকিব মনজুৰ বুলি জানিব পৰা গৈছে।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ আৰু ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ অভিযানকাৰী দলে সন্ত্ৰাসবাদী দুজনৰ সন্ধানত অভিযান চলাই।

অভিযানত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে সন্ত্ৰাসবাদী দুজনক নিহত কৰিবলৈ সক্ষম হয়।

লগতে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আব্বাছ চেইখ নামৰ সন্ত্ৰাসবাদী জনে দীৰ্ঘদিনৰ পৰা কাশ্মীৰত যুৱক সকলক সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰোৱা কাৰ্য্যৰ সৈতে জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *