নিউ বঙাইগাঁৱত ৰে’ল ষ্টেচনৰ পৰা ৫০ লক্ষাধিক টকাৰ অবৈধ বাৰ্মিজ চুপাৰী জব্দ…

নিউ বঙাইগাঁৱত ৰে’ল ষ্টেচনৰ জব্দ বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰী।

সোমবাৰে পুৱতি নিশা সীমা শুক্ল বিভাগে অভিযান চলাই জব্দ কৰে ২৫০ বস্তা বাৰ্মিজ চুপাৰী।

নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ পাৰ্চেল ভানৰ জব্দ কৰা হয় চুপাৰীখিনি।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধুবুৰীৰৰ পৰা অহা সীমা শুক্ল বিভাগৰ তিনিগৰাকী পৰিদৰ্শনৰ নেতৃত্বত চলিছিল এই অভিযান।

জব্দ হোৱা বাৰ্মিজ চুপাৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰ ওচ ৰা-উচৰি হ’ব বুলি জানিব পৰা গৈছে।

জব্দহোৱা বাৰ্মিজ চুপাৰীখিনি বৰ্তমান ধুবুৰীলৈ লৈ যোৱাৰ ব্যাৱস্থা কৰিছে সীমা শুক্ল বিভাগে।

Leave a Comment