অসমঅসমীয়া

প্ৰায় ৮ কােটি টকা মূল্যৰ হেৰােইনসহ দুই ২ নগা যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাদক দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

আৰক্ষীয়ে এইবাৰ বোকাজানত অভিযান চলাই কৰিলে প্ৰায় ৮ কােটি টকা মূল্যৰ ১.৪੦ কিলাে নিষিদ্ধ হেৰােইন।

মহকুমা আৰক্ষী, বোকাজান সদৰ থানাৰ আৰক্ষীৰ লগতে চিআৰপিএফৰ যৌথ উদ্যােগত চলিছিল এই অভিযান।

G2 16

জানিব পৰা মতে, গােপন খবৰৰ ভিত্তিত নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ধনশিৰি নৈ পাৰ হৈ অহা দুই নগা যুৱকে হাতত এটা প্লাষ্টিকৰ মোনা লৈ আহি থকা অৱস্থাতে বোকাজানৰ ঘঁৰিয়ালডুবি অঞ্চলত আৰক্ষীয়ে ৰখাই মোনাত তালাচী চলায়।

এই তালাচীৰ সময়তে ৮৫টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ১ কেজি ৪০ গ্রাম ড্রাগ্ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুটা ড্রাগ্ সৰবৰাহকাৰীক আটক ধৃত ড্রাগ কৰে।

সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে নাগালেণ্ডৰ ডিমাপুৰৰ চ’জুখু গাঁৱৰ কানিট’ য়াপথ’মিৰ পুত্ৰ ভিকাট’ য়াপথ’মি (২১) আৰু আনটো হৈছে `ডিমাপুৰৰ কুচিয়াবিলৰ আহেট’ চুমিৰ পুত্ৰ হিট’হ’ চুমি (৩৪)।

Leave a Reply

Your email address will not be published. Required fields are marked *