দেশৰক্ষাৰ বাবে হাত অস্ত্ৰ লৈ একেলগে ওলাই আহিল ইউক্ৰেইনৰ নৱদম্পতি…

ৰাচিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত আছে যুদ্ধৰ।

দুয়োখন ৰাষ্ট্ৰৰে বিস্তৰ ক্ষয়-ক্ষতিৰ লগতে সাধাৰণ জনতাই এক ভয়াৱহ পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিছে।

বৰ্তমানেও ভাৰতৰ বহু লোক বন্দী হৈ আছে ইউক্ৰেইনত।

ইতিমধ্যে বিমান পৰিবহন বন্ধ হৈ পৰা ইউক্ৰেইনত ভাৰতীয় লোকসকলক নিৰাপদ স্থানত ৰখা বুলি সদৰি কৰিছে প্ৰশাসনে।

ইফালে শক্তি কম হলেও যুদ্ধক্ষেত্ৰৰ পৰা পিছ হুহকি অহা নাই ইউক্ৰেইন।

ইউক্ৰেইনে দাবী কৰিছে যে, তেওঁলোকৰ আক্ৰমণত এতিয়ালৈকে ১০০০ৰো অধিক ৰুছ সেনাৰ মৃত্যু হৈছে।

অৱশ্যে এই দাবী মানি লোৱা নাই ৰাচিয়াই।

image 2022 02 26 102510
দেশৰক্ষাৰ বাবে হাত অস্ত্ৰ লৈ একেলগে ওলাই আহিল ইউক্ৰেইনৰ নৱদম্পতি... 3

এনে সময়তে মাতৃভূমি ৰক্ষাৰ বাবে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ ওলাই আহিছে এহাল নৱবিবাহিত দম্পতি।

বিবাহৰ এদিন পাছতে হাতত অস্ত্ৰ লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছে নৱ দম্পতিটো।

যুদ্ধকালীন পৰিস্থিতিৰ মাজতে বিবাহপাশত আবদ্ধ হোৱা দম্পতি ইৰয়ানা আৰিয়েভা আৰু চভিয়াটোস্লাভ ফুৰ্চিনৰ।

image 2022 02 26 102531
দেশৰক্ষাৰ বাবে হাত অস্ত্ৰ লৈ একেলগে ওলাই আহিল ইউক্ৰেইনৰ নৱদম্পতি... 4

বিবাহ সম্পন্ন হোৱাৰ পাছতে স্থানীয় টেৰিটৰিয়েল ডিফেন্স চেণ্টাৰত যোগদান কৰে দুয়ো।

যোগদানৰ পাছতেই হাতত ৰাইফল লৈ হাঁহিমুখে উঠা এখন ফটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

Leave a Comment