এক বিশেষ কাৰণত নিতৌ ৰে’ল গে’টতে ৰে’ল ৰখায় লোকো পাইলটে! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। ৰে’ল ষ্টেছনত ৰে’ল ৰাখে, সেয়া আপুনি জানে।

জৰুৰীকালীন অৱস্থাত ৰে’ল লাইনতো ট্ৰেইন ৰখোৱা হয়। সেয়াও আপুনি জানে। কিন্তু কচুৰী খাবলৈ যদি কোনো লোকো পাইলটে ৰে’ল গেটতে ট্ৰেইনখন ৰখাই থয়, সেয়া শুনি আপুনি আচৰিত নহবনে?

হয়, এনে এক ঘটনাই সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰত। যাৰ ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। য’ত কচুৰী খাবলৈ বুলি এজন লোকো পাইলটে ট্ৰেইনৰ ইঞ্জিন ৰে’লগেটতে ৰখাই থোৱা পৰিলক্ষিত হয়।

vlcsnap 2022 02 25 21h36m42s455
এক বিশেষ কাৰণত নিতৌ ৰে’ল গে’টতে ৰে’ল ৰখায় লোকো পাইলটে! ভিডিঅ’ ভাইৰেল 3

দৰাচলতে, আলৱাৰ জংচনৰ ৫০০ মিটাৰ পূৰ্বে ডাউডপুৰ গেটত ৰেলখনৰ ইঞ্জিন সলনি কৰা হয়।

ইঞ্জিন সলনি কৰাৰ পিছত ভিৱানী যাত্ৰীবাহী ৰেলখন যাত্ৰা কৰে। তাৰ পিছত ইঞ্জিনৰ লোকো পাইলটজনে কছুৰী খাবলৈ বুলি ইঞ্জিনটো ৰে’ল গেটতে কিছুসময় ৰখাই থয়।

vlcsnap 2022 02 25 21h36m52s979
এক বিশেষ কাৰণত নিতৌ ৰে’ল গে’টতে ৰে’ল ৰখায় লোকো পাইলটে! ভিডিঅ’ ভাইৰেল 4

সেই সময়ত ৰে’লগেটৰ দুয়োপাৰে অনেক যাত্ৰীয়ে ভিৰ কৰে। তাৰ কোনো এজন যাত্ৰীয়ে ঘটনাৰ ভিডিঅ’ কৰি সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতে ভাইৰেল হৈ পৰে।

লোকো পাইলটজনে ৰে’ল গেটৰ সমীপত থিয় হৈ থকা এজন ব্যক্তিৰ পৰা কছুৰী লয় আৰু গুছি যায়।

ইফালে সমাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে ৰে’ল বিভাগে তৎপৰতা দেখুৱাই ঘটনাক লৈ পদক্ষেপ গ্ৰহণ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰে’ল বিভাগে দুজন লোকো পাইলট, দুজন গেটমেন আৰু এজন প্ৰশিক্ষকক ইতিমধ্যে নিলম্বন কৰিছে।

একে সময়তে বিভাগটোৱে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

Leave a Comment