২০৩০ চনৰ ভিতৰত পৃথিৱীৰ তৃতীয় ধনী দেশত পৰিণত হ’ব ভাৰতবৰ্ষঃ মুকেশ আম্বানী

২০৩০ চনৰ ভিতৰত পৃথিৱীৰ তৃতীয় ধনী দেশত পৰিণত হ’ব ভাৰতবৰ্ষ।

এই মন্তব্য ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সম্পাদক মুকেশ আম্বানীৰ।

বুধবাৰে এছিয়া অৰ্থনৈতিক আলোচনাত ড০ ৰঘুনাথ অনন্ত মাছেলকাৰৰ সৈতে হোৱা আলোচনাত এই মন্তব্য কৰে আম্বানীয়ে।

সন্মিলনৰ বিষয়বস্তু হৈছে- মহামাৰী-পৰৱৰ্তী বিশ্বত স্থিতিস্থাপক গোলকীয় বিকাশ।

সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে, ‘পৃথিৱীৰ ভিতৰতেই ধনী দেশত পৰিণত হ’ব ভাৰত। কিয়নো তৃতীয় অৰ্থনীতিৰ দিশে ধাৱমান ভাৰত। বৰ্তমান এছিয়াই এক সামগ্ৰিক গোলকীয় অৰ্থনীতিৰ দিশত আগবাঢ়ি আছে আৰু ২০৩০ চনৰ ভিতৰত ভাৰতে তৃতীয় সৰ্ববৃহত অৰ্থনীতি হোৱাৰ সম্ভাৱণা আছে।’

লগতে তেওঁ কয়- ‘এতিয়া ভাৰতৰ সময়। ভাৰতে হয়তো জাপানকো চেৰ পেলাব আৰু এছিয়াৰ ভিতৰত দ্বিতীয় আৰু বিশ্বৰ ভিতৰত তৃতীয় বৃহত অৰ্থনীতি হ’ব’।

তেওঁ আৰু কয়- যোৱা ২০ বছৰত, আমি তথ্য প্ৰযুক্তিৰে বিশ্বত এক পৰিচয় দাঙি ধৰিছো সেয়ে মই বিশ্বাস কৰোঁ, অহা ২০ বছৰত প্ৰযুক্তিৰ সৈতে, শক্তি আৰু জীৱন বিজ্ঞানৰ ক্ষেত্ৰত এক মহাশক্তি হিচাপে আমাৰ উত্থান চিহ্নিত কৰিব।

Leave a Comment