ৰাছিয়া-ইউক্ৰেইনক লৈ ডাঙৰ খবৰ! ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা ৰাছিয়াৰ…

ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ।

দীৰ্ঘদিন ধৰি চলি থকা উত্তেজনাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰিছে।

তদুপৰি ইউক্ৰেইনৰ সেনাক ‘অস্ত্ৰ-সম্বৰণ’ কৰিবলৈও আহ্বান জনাই ৰাছিয়াই।

ইতিমধ্যে ৰাছিয়াৰ সেনাক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ অনুমতি প্ৰদান কৰিছে পুটিনে।

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সকীয়নি ৰাষ্ট্ৰসংঘৰ।

শীঘ্ৰেই ইউক্ৰেইনৰ বিৰুদ্ধে সকলো আক্ৰমণ বন্ধৰ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই।

লগতে সেনা বাহিনীৰ সামৰিক আগ্ৰাসন বন্ধ কৰিবলৈও আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই।

ইপিনে যিকোনো পৰিস্থিতিত মোকাবিলাৰ বাবে সাজু বুলি ঘোষণা পুটিনৰ।

Leave a Comment