অসম

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰা ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰী ‘নালকো’…

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰা ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰী ‘নালকো’।

হাতত হেণ্ডকাফ লৈয়ে নদীত জাপ দি পলায়ন কৰে গঁড় চিকাৰী আছমত আলী ওৰফে নালকোই।

যোৱা বুধবাৰে কেৰেলাত গ্ৰেপ্তাৰ হৈছিল কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টৰমাইণ্ড বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ ম:আজিবুৰ ৰহমানৰ পুত্ৰ ৩৫ বছৰীয়া নালকো৷

বিশ্বনাথ আৰক্ষীয়ে কেৰেলা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ নালকোক লৈ অনা হৈছিল৷

নিশাই নালকোৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খড়্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপদি পলায়ন কৰে বুলি জানিব পৰা গৈছে।

কিন্তু এতিয়ালৈকে কুখ্যাত নালকোৰ পলায়ণ সম্পৰ্কত কোনো মন্তব্য প্ৰকাশ কৰা নাই বিশ্বনাথ আৰক্ষীয়ে৷

উল্লেখ যে, কুখ্যাত গড় চিকাৰী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতিয়াকৈ গড় হত্যা কৰি পলাতক আছিল বিশ্বনাথৰ ক্ৰমে আছমত আলি ওৰফে নালকো, আতাউৰ ৰহমান ওৰফে বাচা আৰু আব্দুল মটিন ওৰফে কালাৰ সন্ধান দিওঁতাক অসম আৰক্ষীয়ে দুই লাখ টকা পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *