অসমঅসমীয়া

নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন সম্পন্ন, নতুন সমিতি গঠন

নিউজ ডেস্ক। ওদালগুৰি জিলাৰ ভেৰগাঁৱত যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক বার্ষিক অধিবেশনৰ দেওবাৰে সামৰণি পৰে।

উল্লেখ্য যে এই অধিৱেশনতে ইং বৰ্ষ ২੦২২-২৪ বৰ্ষৰ বাবে নিখিল ৰাভা ছাত্ৰ সন্থা চমুকৈ আৰছুৰ নতুন কাৰ্যবাহক সমিতিৰ গঠন কৰা হয়।

5

সভাপতি নৃপেন খান্দা- সাঃ সম্পাদক প্ৰদীপ ৰাভা

সংগঠনটােৰ সংবিধান অনুসৰি গঠন হােৱা নতুন সমিতিখনত নৃপেন খান্দাক আৰছুৰ কেন্দ্ৰীয় সমিতিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।

ইয়াৰ উপৰি মতিলাল বাচা আৰু দীপাংকৰ ৰাভাক উপ-সভাপতি হিচাপে নিযুক্ত কৰা হৈছে।

9 1

প্ৰদীপ ৰাভা, নৱ নিৰ্বাচিত সাঃ সম্পাদক

আৰছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে প্ৰদীপ ৰাভাক নিৰ্বাচিত কৰা হয়।

নতুন সমিতিত সহকাৰী সাধাৰণ সম্পাদক হিচাপে সুভাষ ৰাভা, বাসুদেৱ ৰাভা, গিফ্টচন কাৰা আৰু হিতেশ ৰাভাক নিযুক্ত কৰা হৈছে।

P7 1

ইয়াৰ লগতে দেবাশ ৰাভা আৰু ফুলেশ্বৰ ৰাভাক যুটীয়া বিত্ত সম্পাদক, হৰকান্ত ৰাভাক সাংগঠনিক সম্পাদক আৰু কমল কৃষ্ণ ৰাভাক শিক্ষা সম্পাদক হিচাপে নিযুক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *