মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰে আজীৱন পাৰ কৰা গান্ধীবাদী মহিয়সী পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ দেহাৱসান।
গুৱাহাটী মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰৱা গান্ধী আশ্ৰমত ১০২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ গান্ধীবাদী সমাজকৰ্মী গৰাকীয়ে।
শকুন্তলা চৌধাৰীক বিগত ২৬ জানুৱাৰীত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল।
মূলত বাৰ্দ্ধক্যজনিত কাৰণতে অসুস্থ হৈ আছিল গান্ধীবাদী নেত্ৰীগৰাকী।
জীৱনৰ অধিকাংশ কাল গুবাহাটীৰ কস্তুৰবা গান্ধী আশ্ৰমত থাকিয়েই সমাজৰ সেৱা কৰি গৈছিল শকুন্তলা চৌধাৰীয়ে।
১৯৪৬ চনত মহাত্মা গান্ধীৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ কস্তুৰৱা গান্ধী স্মাৰক ট্ৰাষ্টত যোগদান কৰা শকুন্তলা চৌধাৰীয়ে ৰাজ্যৰ মহিলা শিক্ষা আৰু মহিলা সকলৰ বিকাশৰ বাবে গোটেই জীৱন নিজকে সমৰ্পন কৰিছিল।
Deeply anguished at the passing away of veteran Gandhian and Padma Shri Shakuntala Choudhary.
— Himanta Biswa Sarma (@himantabiswa) February 20, 2022
Her life was devoted to selfless service, truth, simplicity and non-violence at Sarania Ashram, Guwahati where Mahatma Gandhi had stayed in 1946.
My prayers for her sadgati Om Shanti! pic.twitter.com/MwjwsfTbYa
শকুন্তলা চৌধাৰীৰ বিয়োগত ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰে।
লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
Shakuntala Choudhary Ji will be remembered for her lifelong efforts to promote Gandhian values. Her noble work at the Sarania Ashram positively impacted many lives. Saddened by her passing away. My thoughts are with her family and countless admirers. Om Shanti.
— Narendra Modi (@narendramodi) February 21, 2022









