হাস্পতালৰ পৰা পলায়ন আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ সৰবৰাহকাৰী সুমন নমো।
বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ আছিল গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী সুমন।
বুধবাৰে কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হোৱা সুমন নমো।
উল্লেখ্য যে, যোৱা ১৬ ফেব্ৰুৱাৰিৰ নিশা প্ৰায় ৮ মান বজাত কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা এ এছ ০১ নম্বৰৰ এখন ট্ৰাক জব্দ কৰিছিল।
জব্দকৃত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা মুঠ ৩৫০ কিলোগ্ৰাম ওজনৰ ৫৫ পেকেট গাঞ্জা উদ্ধাৰ কৰি গাঞ্জা সৰবৰাহ কৰা ত্ৰিপুৰাৰ সুন্দৰটিলাৰ সুমন নমো (২৬) আৰু ৰাহুল সৰকাৰ (২০)ক আৰক্ষীয়ে আটক কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক সোধা পোছা কৰাত সুমন নমোই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ কাষত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি সদৰি কৰিছিল।
আৰক্ষীয়ে সুমন নমোক লৈ গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰিবলৈ যোৱা ঘটনাস্থলৰ পৰা অভিযুক্ত সুমন নমোই আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীক গুলীয়াবলৈ উদ্যত হোৱাত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে আৰু অভিযুক্ত সুমন নমোৰ সোঁভৰিৰ আঠুৰ তলত গুলী লাগে।
গুলীবিদ্ধ সুমন নমোক আৰক্ষীয়ে প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে পিছত চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।









