সুখবৰ! ৰূপচী বিমানবন্দৰৰ পৰা এতিয়াৰে পৰা সপ্তাহৰ ৬ দিনেই চলিব বিমান…

ৰাজ্যবাসীলৈ এক সুখবৰ।

ৰূপচী বিমানবন্দৰৰ পৰা এতিয়াৰে পৰা সপ্তাহৰ ৬ দিনেই চলিব বিমান।

সোমবাৰৰ বাহিৰে সপ্তাহৰ বাকী দিনকেইটাত  ৰূপসী হৈ গুৱাহাটী–ক’লকাতা আৰু ক’লকাতা–গুৱাহাটীৰ মাজত আৰম্ভ হ’ল যাত্ৰীবাহী বিমান সেৱা। 

যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ পৰা লোৱা হৈছে এই নতুন সিদ্ধান্ত।

উল্লেখ্য যে, ২০২১চনৰ  8 মে’ৰ পৰা ৰূপচী বিমানবন্দৰৰ পৰা পুনৰ আৰম্ভ হৈছিল যাত্ৰীৱাহী বিমান সেৱা।

মে’ মাহৰ পৰা আৰম্ভ হোৱা এই সেৱাত সপ্তাহত তিনিদিন গুৱাহাটী আৰু কলকাতালৈ বিমান চলিছিল।

কিন্তু যাত্ৰীৰ অত্যধিক সঁহাৰি প্ৰতি লক্ষ্য কৰি এই সেৱা সপ্তাহজোৰা বৃদ্ধিৰ দাবী উৎথাপন হৈ আহিছিল।

ইয়াৰ পাছতে শুকুৰবাৰৰ পৰা ৰূপচীৰ পৰা সপ্তাহত ৬ দিন বিমান চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰূপচী এয়াৰপ’ৰ্টৰ বিষয়া বিবেক মিনাই জানিবলৈ দিয়ে।

Leave a Comment