অসমঅসমীয়া

জিএছটিৰ নামত ধন বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কৰ বিষয়া

নগাঁৱৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল মৰিগাঁৱৰ দুগৰাকীকৈ কৰ অধীক্ষক।

মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী কৰ্তব্য পালন কৰি থকাৰ সময়তে জিএছটিৰ নামত উৎকোচ বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় কৰে অধীক্ষক দুগৰাকীক।

গ্ৰেপ্তাৰ কৰা কৰ অধীক্ষক দুগৰাকী ক্ৰমে শোণিত বৰঠাকুৰ আৰু ৰাজেশ গুপ্তা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, দুয়োগৰাকী কৰ অধীক্ষকে চুলতান হাস্পতাল কৰ্তৃপক্ষৰ পৰা জিএছটিৰ নামত ৩০ হাজাৰ টকা দাবী কৰিছিল।

তাৰ পিছতে হাস্পতাল কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত কৰ অধীক্ষক শোণিত বৰঠাকুৰ আৰু ৰাজেশ গুপ্তাক।

Leave a Reply

Your email address will not be published. Required fields are marked *