অসম

চৰকাৰৰ সিদ্ধান্ত সলনিঃ স্বামী মুক্তানন্দ সৰস্বতীৰ নামেৰে নামাকৰণ নহয় পাণ্ডু-কামাখ্যা পথৰ…

পাণ্ডু-কামাখ্যা পথৰ নাম সলনিৰ সিদ্ধান্ত প্ৰত্যাহাৰ।

স্বামী মুক্তানন্দ সৰস্বতীৰ নামেৰে নামাকৰণ নহয় পাণ্ডু-কামাখ্যা পথৰ।

উল্লেখ্য যে, স্বামী মুক্তানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰা হৈছিল কামাখ্যালৈ যোৱা পথৰ।

পাণ্ডুঘাট হৈ কামাখ্যালৈ যোৱা পথৰ নাম দিছিল ‘স্বামী মুক্তানন্দ সৰস্বতী পথ’ হিচাপে নামাকৰণ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

সকলোৱে একেমুখে এই নামৰ বিৰোধিতা কৰিছিল।

এক বিজ্ঞাপন প্ৰকাশ কৰি এই নতুন নামাকৰণৰ বিষয়ে অৱগত কৰিছিল গুৱাহাটী পৌৰ নিগমে।

১৪ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হৈছিল এই বিজ্ঞাপন।

বিজ্ঞাপন প্ৰকাশ হোৱাৰ ১৫ দিনৰ ভিতৰত এই বিষয়ে আপত্তি থাকিলে পৌৰ নিগমৰ কাৰ্যালয়ত জনাবলৈ কোৱা হৈছিল বিজ্ঞানটোত।

বিজ্ঞাপন প্ৰকাশ হোৱাৰ ৪ দিন পিছতে এই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল প্ৰশাসন।

Leave a Reply

Your email address will not be published. Required fields are marked *