অসমঅসমীয়া

১ মাৰ্চৰ পৰা পুনৰ ৰাজপথ কঁপাবলৈ সাজু অখিল গগৈ

নিউজ ডেস্ক। পুনৰ ৰাজপথ কঁপাব অখিল গগৈয়ে।

১মাৰ্চৰ পৰা অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।

মে’ মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ১ লাখ নিবনুৱাক প্ৰতিশ্ৰুতি পূৰণ কৰি চাকৰি নিদিলে প্ৰতিবাদ কৰাৰ ঘোষণা কৰে অখিল গগৈয়ে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ এক লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। আনহাতে কিছুদিন পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি প্ৰতিশ্ৰুতি অনুসৰি ৬০ হাজাৰ নিবনুৱাক সংস্থাপন ইতিমধ্যেই দিয়া বুলি মন্তব্য কৰে।

কিন্তু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে কেতিয়া আৰু ক’ত এই ৬০ হাজাৰ নিযুক্তি প্ৰদান কৰিলে বুলি প্ৰশ্ন কৰে বিৰোধীয়েও।

এনে পৰিপ্ৰেক্ষিততে মে’ মাহৰ ভিতৰত এক লাখ নিবনুৱাক নিযুক্তি প্ৰদান নকৰিলে ৰাজ্যজুৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *