সুদূৰ পাঞ্জাবৰ পৰা উদ্ধাৰ অসমৰ পৰা নিৰুদ্দিষ্ট কলেজীয়া ছাত্ৰী, এজনক আটক

নিউজ ডেস্ক। ৰাজ্যৰ গ্ৰামাঞ্চলত জাল পাতিছে নাৰীদেহ ব্যৱসায়ী চক্ৰই ৷

ৰাজ্যৰ পিছপৰা গ্ৰামাঞ্চলত নিতৌ সংঘটিত হৈছে কিশােৰী-যুৱতী আৰু মহিলাৰ নিৰুদ্দেশৰ ঘটনা।

তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত গৰৈমাৰী অঞ্চলত ৷

উল্লেখ্য যে গৰৈমাৰীৰ চৌতাৰা গাঁৱৰ পৰা যোৱা ১৯ জানুৱাৰীত নিৰুদ্দেশ হৈছিল এগৰাকী কলেজীয়া ছাত্ৰী ৷

P4 2
সুদূৰ পাঞ্জাবৰ পৰা উদ্ধাৰ অসমৰ পৰা নিৰুদ্দিষ্ট কলেজীয়া ছাত্ৰী, এজনক আটক 5

পৰিয়ালৰ লােকে প্ৰকাশ কৰা অনুসৰি, ঘটনাৰ দিনা পিআৰচিৰ কাম কৰিবলৈ অকলে গৰৈমাৰী বজাৰলৈ গৈছিল কিশােৰীগৰাকী ৷

ইয়াৰে সুযোগ লৈ বৰপেটা জিলাৰ হানিফ আলী ওৰফে ৰাজু নামৰ এইগৰাকী নাৰীদেহ ব্যৱসায়ীয়ে নিচাজাতীয় দ্ৰব্য খুৱাই কিশােৰীগৰাকীক গৰৈমাৰীৰ পৰা অপহৰণ কৰি লৈ গৈছিল বহিঃৰাজ্যৰ পাঞ্জাবৰ লুধিয়ানা চহৰলৈ ৷

P1 1
সুদূৰ পাঞ্জাবৰ পৰা উদ্ধাৰ অসমৰ পৰা নিৰুদ্দিষ্ট কলেজীয়া ছাত্ৰী, এজনক আটক 6

এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লােকে।

ইয়াৰ পাছতে বিগত প্ৰায় এমাহ পিছত কিশােৰীগৰাকীৰ সন্ধান বিচাৰি অৱশেষত সম্ভেদ লাভ কৰিবলৈ সক্ষম হয় জোৰশিমুলী আৰক্ষী।

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই লুধিয়ানাৰ পৰা বিমানযোগে গুৱাহাটীলৈ লৈ আনে অপহৃত কিশােৰীগৰাকী।

P3
সুদূৰ পাঞ্জাবৰ পৰা উদ্ধাৰ অসমৰ পৰা নিৰুদ্দিষ্ট কলেজীয়া ছাত্ৰী, এজনক আটক 7

লগতে গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী হানিফ আলীক ৷

ইতিমধ্যে, ছাত্ৰীগৰাকীয়ে জোৰশিমুলী আৰক্ষী চকীত অভিযুক্ত হানিফ আলীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷

লগতে চাওকঃ

অনিমেশ ভূঞাৰ সপোনৰ ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ কৰিব সাংসদ গৌৰৱ গগৈয়ে

G3 1 2
সুদূৰ পাঞ্জাবৰ পৰা উদ্ধাৰ অসমৰ পৰা নিৰুদ্দিষ্ট কলেজীয়া ছাত্ৰী, এজনক আটক 8

Leave a Comment