চৰকাৰৰ ১ লাখ চাকৰিৰ ভিতৰত নিযুক্তি লাভ কৰা একমাত্ৰ নিবনুৱা জনেই হৈছে যতীন বৰাঃ বিধায়ক আমিনুল ইছলাম

দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৰা এক মন্তব্যই এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ১ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰাৰ কথা কৈছিল। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, ৬০ হাজাৰ চৰকাৰী পদৰ বাবে ইতিমধ্যেই ইণ্টাৰভিউ হৈ গৈছে। বাকী ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন ওলাব এই মাহতে।

কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱা ৬০ হাজাৰ চাকৰি ক’ত আৰু কেতিয়া দিয়া হল বুলি এক প্ৰশ্নৰ উদয় হৈছে। মুখ্যমন্ত্ৰীয়ে মিছা তথ্যৰে নিবনুৱাক আভুৱা ভাৰিবলৈ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে।

সামাজিক মাধ্যমত চলা এই চৰ্চাৰ মাজতে এইবাৰ ৰাজ্য চৰকাৰৰ এক লাখ চাকৰিক লৈ সৰৱ হৈ পৰিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম।

চৰকাৰে জিলাই জিলাই অনুষ্ঠিত কৰা নিযুক্তি মেলাত পঞ্জীয়ন কৰা সকলোকে চাকৰি প্ৰদান কৰা বুলি এতিয়া ফিতাহী মাৰিছে বুলি চৰকাৰক কটাক্ষ আমিনুল ইছলামৰ।

বিধায়ক ইছলামৰ মতে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এক লাখ চাকৰিৰ ভিতৰত এজনেই পাইছে নিযুক্তি।

চৰকাৰৰ দ্বাৰা নিযুক্তি লাভ কৰা একমাত্ৰ ব্যক্তিজন হৈছে যতীন বৰা। – চৰকাৰক এনেদৰেই কটাক্ষ কৰিলে আমিনুল ইছলামে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অভিনেতা যতীন বৰাক এপিডিচিএলৰ অধ্যক্ষ ৰূপে নিযুক্তি দিছিল অসম চৰকাৰে।

যাৰ বাবে অসম চৰকাৰৰ এক লাখ চাকৰিৰ ভিতৰত একমাত্ৰ নিযুক্তি লাভ কৰা নিবনুৱা জন যতীন বৰা বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ধিংৰ বিধ্যয়কজন।

প্ৰণিধানযোগ্য যে, ৰাজ্য চৰকাৰে ২০২১ৰ শেষৰ ফালে অনুষ্ঠিত কৰা নিয়োগ মেলা এক ভেকোভাওনা ৰূপে পৰিগণিত হৈছিল। লাখ লাখ নিবনুৱাই অংশগ্ৰহণ কৰা এই নিয়োগ মেলাত চৰকাৰী চাকৰিৰ নামত নিবনুৱাৰ হাতত তুলি দিয়া হৈছিল ৫-৬হাজাৰ টকীয়া ব্যক্তিগত খণ্ডৰ চতুৰ্থ বৰ্গৰ সংস্থাপন। যাৰ বাবে নিবনুৱা সকল ক্ষুব্ধ হৈ পৰিছিল।

তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৬০হাজাৰ নিবনুৱাক ইতিমধ্যে নিযুক্তি দিয়া হোৱা বুলি কৰা মন্তব্যই এতিয়া নিবনুৱাৰ মনত যেন পুনৰ ক্ষোভৰ উদ্গীৰণ ঘটাইছে।

Leave a Comment