অসম

১৬ মাৰ্চত দাখিল কৰা হ’ব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট, ৰাজহুৱা বিনিয়োগৰ বাবে ১ লাখ কোটি টকা ধার্য কৰাৰ সম্ভাৱনা…

১৪ মাৰ্চৰ পৰা আৰম্ভ হব অসম বিধানসভাৰ বাজেট অধিবেশন।

১ এপ্ৰিললৈ অনুষ্ঠিত হবলগীয়া এই বাজেট অধিৱেশনতে ৰাজ্য চৰকাৰে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট।

জানিব পৰা মতে, ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভা বাজেট দাখিল কৰিব।

ৰাজ্যপাল জগদীশ মুখীৰ অভিভাষণেৰে আৰম্ভ হব এই অধিবেশন।

উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীত ব্যৱসায় উপদেষ্টা সমিতিৰ (বিএচি) এখন বৈঠক অনুষ্ঠিত হয়।

এইবাৰৰ বাজেট অধিৱেশনত মাত্ৰ ১১টা কৰ্মদিন থাকিব। যাৰ বাবে বিৰোধীয়ে বিএচিক কৰ্মদিন বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়।

ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এই বছৰৰ বাজেট প্ৰায় ১ লাখ কোটি টকা বা তাতকৈ অধিক টকা ধার্য কৰা হব।

প্ৰণিধানযোগ্য যে, যোৱা বছৰৰ বাজেটত ৰাজহুৱা বিনিয়োগৰ বাবে ৭৮ হাজাৰ কোটি টকা টকা ধার্য কৰা হৈছিল।

চলিত বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্যত বৃহৎ নগৰায়ন পৰিকল্পনাৰ প্ৰস্তাৱ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *