ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশু মৃন্ময়ে, আহত পিতৃ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে এটি ৮ বছৰীয়া শিশুৱে। গুৰুতৰভাৱে আহত হ’ল শিশুটিৰ পিতৃ।

এই শােকাৱহ ঘটনাৰ স্থান বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ।

জানিব পৰা মতে, বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

P2
ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশু মৃন্ময়ে, আহত পিতৃ 2

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে এএছ ১৪ এইচ ৬৫৩৯ নম্বৰৰ এখন এল্ট’৮০০ বাহন।

ঘটনাস্থলীতে নিহত হয় ৮ বছৰীয়া মৃণ্ময় মেধী নামৰ এটি শিশুৰ।

গুৰুতৰভাৱে আহত মৃত শিশুটিৰ পিতৃ মৃগেন মেধীক ততাতৈয়াকৈ চিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিয়া খাই ৰৌমাৰিৰ পৰা আনন্দ বজাৰ হাটখোলাৰ নিজ গৃহলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে।

Leave a Comment