২৭ ফেব্ৰুৱাৰীত UPSC পৰীক্ষাৰ লগতে হ’ব APSCৰ মূল পৰীক্ষা, পৰীক্ষা পিছুৱাবলৈ কৰা অবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

২৭ ফেব্ৰুৱাৰীত UPSC পৰীক্ষাৰ লগতে হ’ব APSCৰ মূল পৰীক্ষা।

APSCৰ পৰীক্ষা পিছুৱাবলৈ কৰা অবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, একেটা দিনতে হোৱা বাবে APSCৰ পৰীক্ষা পিছুৱাবলৈ অবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে।

২১, ২২, ২৩ আৰু ২৭ ফেব্ৰুৱাৰীত হ’ব APSCৰ মূল পৰীক্ষা।

একে সময়তে অনুষ্ঠিত হ’ব UPSC আৰু ভাৰতীয় বন সেৱাৰ পৰীক্ষা।

উক্ত বিষয়টো হস্তক্ষেপ নকৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

তিনিওটা পৰীক্ষা একেটা দিনতে অনুষ্ঠিত হোৱা বাবে এতিয়া একংশ শিক্ষাৰ্থীৰ বাবে সমস্যাৰ সৃষ্টি হৈছে।

Leave a Comment