নিউজ ডেস্ক। এই মাহতে ওলাব ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন।
এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া এক লাখ চাকৰিৰ ৬০ হাজাৰৰ ইণ্টাৰভিউ ইতিমধ্যে সম্পন্ন হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাকী ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন এই মাহতে উলিওৱাৰ চেষ্টা কৰি থকা হৈছে।

আনহাতে মাজুলীৰ উপ-নিৰ্বাচনত কোন হব বিজেপিৰ প্ৰাৰ্থী? এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে তিনি জনৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।
অহা ১৬ ফেব্ৰুৱাৰীত বিজেপি প্ৰাৰ্থীজনে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থীত্বৰ বাবে কাৰ কাৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে সেয়া এতিয়াও অস্পষ্ট।









