অসমঅসমীয়া

অনু হাজৰিকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছমত আলীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে- উপকাৰীক অজগৰে খায়… যেন তেন এক ঘটনাই সংঘটিত হ’ল মহানগৰীৰ কালাপাহাৰৰ বাসিন্দা অনু হাজৰিকাৰ ক্ষেত্ৰত।

নিজ কন্যাৰ দৰে মৰম কৰা বনকৰা ছােৱালীক অনু হাজৰিকাই বিয়া পাতি দিছিল আছমত আলী নামৰ এজন যুৱকৰ সৈতে।

কিন্তু অৱশেষত এই নৱ দম্পতীয়েই সামান্য কেইটামান টকাৰ বাবেই পৰিকল্পিতভাৱে হত্যা কৰিলে অনু হাজৰিকাক।

ইতিমধ্যে, এই লােকহৰ্ষক হত্যাকাণ্ডৰ সকলাে ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে।

গুৱাহাটী মহানগৰীৰ কালাপাহাৰ স্থিত তাৰাহীৰা এপাৰ্টমেণ্টৰ বাসিন্দা অনু হাজৰিকাৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত অৱশেষত জালত পৰিল মহানগৰ আৰক্ষীৰ।

এই হত্যাত জড়িত তৃতীয়জন অভিযুক্ত আছমত আলী ওৰফে আছানুৰক বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত আছানুৰ এই হত্যাকাণ্ডৰ আন এগৰাকী অভিযুক্ত ৰুবিনা বেগমৰ স্বামী। মূলতঃ ধন লুটৰ বাবেই সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

FLe Pz8aUAMwN1y
আছমত আলী ওৰফে আছানুৰ

আছমতৰ জিম্মাৰ পৰা আৰক্ষীয়ে নগদ ১.৩৬ লাখ টকা আৰু পাঁচটা ম’বাইল ফোন জব্দ কৰিছে।

অৱশ্যে অণু হাজৰিকাৰ ঘৰত লুটপাত চলোৱাৰ সময়ত ব্যৱহাৰ কৰা পুতলা পিষ্টল আৰু প্ৰয়াত হাজৰিকাৰ ম’বাইল ফোনটো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই।

অভিযুক্ত আছমতে পুতলা পিষ্টল আৰু অণু হাজৰিকাৰ ম’বাইল ফোন নদীত পেলাই দিয়া বুলি ব্যক্ত কৰিছে।

উল্লেখ্য যে অকলশৰীয়া বৃদ্ধ মহিলা অনু হাজৰিকাৰ ঘৰত বনকৰা মহিলা হিচাপে আছিল ৰুবিনা বেগম।

অনু হাজৰিকাই ৰুবিনাক আছমতৰ সৈতে বিয়া পাতি দিছিল।

উল্লেখযোগ্য যে মহানগৰ আৰক্ষীয়ে ইতিপূর্বে এই হত্যাকাণ্ড গোচৰত ৰুবিনা বেগমৰ লগতে বাহাৰুল ইছলাম নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *