মাজুলীত প্ৰাৰ্থী দিবলৈ ভয় কৰিছে কংগ্ৰেছ-এজেপিয়েঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

নিউজ ডেস্ক। মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতে শাসকীয়-বিৰোধী সকলো ৰাজনৈতিক দলতে আৰম্ভ হৈ জল্পনা কল্পনা।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা বিধানসভা নিৰ্বাচনত জয়লাভ কৰা এই সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থী কোন হ’ব, তাক লৈও আলোচনা অব্যাহত আছে।

ইয়াৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই মাজুলীৰ উপ নিৰ্বাচনত ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰে।

G3 5
মন্ত্ৰী পীয়ুষ হাজৰিকা (ফাইল ফটাে)

মন্ত্ৰীগৰাকীৰ মতে, মাজুলীত এতিয়া অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ ভয় কৰিছে।

গহপুৰত এক প্ৰকল্পৰ উদ্বোধন কৰিবলৈ গৈ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, মাজুলীত বিজেপিৰ জয় নিশ্চিত হৈ আছে।

পৌৰ সভাৰ নিৰ্বাচনতো বিজেপিয়ে আটাইকেইখন আসনত জয়লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মাজুলীৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভালৈ প্ৰেৰণ কৰি, সাংসদ প্ৰদান বৰুৱাক মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ পৰা থিয় কৰোৱাৰ সম্ভৱনা আছে বুলি প্ৰকাশ কৰিছে বিজেপিৰ এক সূত্ৰই।

আনহাতে, বৰ্তমান চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভালৈ প্ৰেৰণ কৰিলে, নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাত স্থান দিয়া হব বুলিও চৰ্চা চলিছে।

লগতে চাওকঃ

চৰকাৰৰ বেয়া কামবোৰ লুকুৱাই ৰাখকঃ টংকেশ্বৰ ৰাভা

G2

Leave a Comment