নিউজ ডেস্ক। পুনৰ ভূ-লুণ্ঠিত মানৱতা, হাঁড় কপোৱা শীতত নিৰ্দয় মাতৃয়ে ৰাজপথত পেলাই থৈ গ’ল নিজ সন্তানক।
গোলাঘাটৰ পুৰণা আমোলাপট্টিত ৭ ফেব্ৰুৱাৰী তাৰিখে নিশা উদ্বাৰ হৈছে এটি নৱজাতকটো।
কোনো হৃদয়হীন মাতৃয়ে পথৰ দাঁতিতে থকা হাবিত পেলাই থৈ যায় নৱজাতকটিক।
ৰাজপথত কোনো কেঁচুৱাই কান্দি থকা শুণি স্থানীয় একাংশ লোক ওলাই গৈ প্ৰত্যক্ষ কৰে নৱজাতকটিক।
পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ নৱজাতটিক উদ্বাৰ কৰি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰে।
আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি, সোমবাৰে বিয়লি ভাগত জন্ম হৈছিল উদ্ধাৰ হোৱা লৰা সন্তানটি।
উদ্বাৰ হোৱা নৱজাতকটোৰ ভৰিত এটা চিকিৎসালয়ৰ টিকেট পাইছে আৰক্ষীয়ে।
যি টিকতত গগৈ উপাধীৰ এটা নাম উল্লেখ থকাৰ লগতে জন্মৰ সময় আৰু দিন উল্লেখ আছে।
এতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি কেঁচুৱাটিৰ পিতৃ মাতৃৰ সন্ধানত নামি পৰিছে। সেই টিকটটোৰ নামটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
কোনো নিৰ্দয় মাতৃয়ে নিজৰ কলংক লুকুৱাবলৈ এই অমানৱীয় কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।
লগতে চাওকঃ
যৌতুকৰ বাবেই বাতিল বিবাহ! জ্যেষ্ঠ কন্যাৰ বিয়াৰ মণ্ডপতে সম্পন্ন হ’ল কনিষ্ঠ কন্যাৰ বিবাহ









