এক অতি মৰ্মান্তিক ঘটনা।
চিকিৎসালয়লৈ যোৱা মাতৃ-পুত্ৰক মহতিয়াই নিলে নৈশ বাছে।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় মাতৃগৰাকী, আনহাতে গুৰুতৰভাৱে আহত হয় পুত্ৰ।
বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
জানিব পৰা মতে, সোমবাৰে দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ভেকেলিকান্দা গাওঁ নিবাসী আব্দুল ৰহিমৰ পত্নী জিৰাতুন নেচাৰ (৪৭) চকুৰ চিকিৎসা কৰাবলৈ পুত্ৰ খলীল আলীৰ (২৪) সৈতে দিনৰ ভাগতে বাইহাটা চাৰিআলিলৈ গৈছিল।
সন্ধিয়া প্ৰায় ৬-৩০ বজাত মাতৃৰ সৈতে AS 13 N 4273 নম্বৰ পালছাৰ বাইক খনেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলদৈৰ গৃহ অভিমুখে ৰাওনা হয়।
তেনে সময়তে একেটা পথেৰে তেজপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা AS 01 HC 6782 নম্বৰৰ এখন নৈশ যাত্ৰীবাহী বাছে বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ সমীপত মহতিয়াই থৈ পলায়ন কৰে।
ফলত মাতৃ জিৰাতুন নেছাৰ থিতাতে মৃত্যু হোৱাৰ উপৰি পুত্ৰ খলীল আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
বাইহাটা চাৰিআলি আৰক্ষীয়ে দুৰ্ঘটনা সম্পৰ্কে অবগত হোৱাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি আঘাতপ্ৰাপ্ত খলীলক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰে।
উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা নৈশ যাত্ৰীবাহী বাছখন ছিপাঝাৰ আৰক্ষী থানাই জব্দ কৰে।