
মহানগৰীত নৃশংস হত্যাকাণ্ড! নিশা শুই থাকোতেই মহিলাক হত্যা কৰি দুৰ্বৃত্তই লুটিলে ধন-অলংকাৰ…
মহানগৰীত নৃশংস হত্যাকাণ্ড!
নিশা শুই থাকোতেই মহিলাক হত্যা কৰি দুৰ্বৃত্তই লুটিলে ধন-অলংকাৰ।
প্ৰায় ৬০ ৰুদ্ধৰ এগৰাকী মহিলাক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।
মহিলাগৰাকীৰ নাম অনু হাজৰিকা।
কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী আছিল অনু হাজৰিকা নামৰ মহিলাগৰাকী।
নিশাৰ ভাগত কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যায় মহিলা গৰাকীক।
কেৱল হত্যা কৰাই নহয় ঘৰৰ আছবাব ভাঙি ধন, সোণ লুটি লৈ যোৱাৰ লগতে চি চি টিভি কেমেৰাও ভাঙি থৈ যায় দুৰ্বৃত্তই।
ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উচ্চ পৰ্যায়ৰ আৰক্ষী উপস্থিত হয়।
বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় ৫ বছৰ পূৰ্বে মৃত্যু হৈছিল তেখেতৰ স্বামীৰ আৰু তেতিয়াৰে পৰাই মহিলাগৰাকী অকলশৰে বাস কৰিছিল বাসগৃহটোত।





