নিমাতী ঘাটত পুনৰ অঘটন, ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিলে ৮ বছৰীয়া কন্যাসহ মাতৃয়ে…

নিমাতী ঘাটত পুনৰ অঘটন।

ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিলে ৮ বছৰীয়া কন্যাসহ মাতৃয়ে।

মাতৃ আৰু কন্যাই একেলগে নিমাতী ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ পাছতে হুৱাদূৱা লগে।

লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই মাতৃ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ আছে কন্যাগৰাকী।

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা কন্যা গৰাকীৰ বয়স ৮ বছৰ।

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যাৰ চেষ্টা কৰা মাতৃ আৰু কন্যা গৰাকীয়ে যোৰহাটৰ পৰা মাজুলী অভিমুখে অফলামুখ ফেৰী ঘাটেৰে অহাৰ কথা আছিল।

বৰ্তমানলৈ কি কাৰণত মাতৃ গৰাকীয়ে আত্মহত্যাৰ দৰে এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল সেই কথা জানিব পৰা হোৱা নায়।

Leave a Comment