চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড, লাগিল হুৱা-দুৱা

নিউজ ডেস্ক। ৪੦ জনকৈ যাত্ৰী কঢ়িওৱা বাছত সংঘটিত হ’ল অগ্নিকাণ্ড।

বাছখনৰ চালক-পৰিচালকৰ তৎপৰতাত প্ৰাণৰক্ষা পৰিল আটাইকেইজন যাত্ৰীৰ।

এই ঘটনাৰ স্থান নগাঁও জিলাৰ পুৰণিগুদাম।

ঘটনাৰ বিৱৰণি মতে, গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখী ৰত্নগিৰি ট্ৰেভেল্‌ছৰ এখন বাছ (এ এছ ০১ কে চি ৪৯০৯) পুৰণিগুদামৰ পূজা মণ্ডপৰ কাষ পাওঁতেই বাছখনত জুইৰ সূত্ৰপাত ঘটে।

মুহূৰ্তৰ ভিতৰতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দপদপকৈ জ্বলি উঠে বাছখন।

এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লােকৰ মাজতাে হুৱা-দুৱা লাগে।

ইয়াৰ পাছতে বাছখনৰ চালক আৰু পৰিচালকৰ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত অগ্নিনির্বাপক বাহিনীয়ে বহু সময়ৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয়।

সৌভাগ্যক্রমে বাছখনত থকা প্ৰায় ৪০ গৰাকী যাত্ৰীৰ সকলোৰে কথমপি প্ৰাণৰক্ষা পৰে।

বৈদ্যুতিক ছৰ্ট চাৰ্কিটৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হােৱাৰ আশংকা কৰা হৈছে।

এই ঘটনাৰ ফলত পুৰণিগুদামৰ ৰাজপথত বহু সময় ধৰি যান-জঁটৰ সৃষ্টি হয়।

Leave a Comment