অসমঅসমীয়া

শােকাৱহ! শিলাবৃষ্টিৰ ফলত শ শ বগলীৰ মৃত্যু

নিউজ ডেস্ক। শনিবাৰে সন্ধিয়া নগাঁও জিলাৰ বঢ়মপুৰত প্ৰবল শিলাবৃষ্টিৰ ফলত শ শ বগলীৰ মৃত্যু হয়।

জানিব পৰা মতে, বঢ়মপুৰৰ শান্তিবনৰ পুতুল বৰা নামৰ লোকজনৰ বাঁহনিত প্রায় দহ বছৰ ধৰি বাস কৰি অহা কেইবাশ বগলীৰ অধিকাংশৰে শিলাবৃষ্টিত মৃত্যু হয়।

1

স্থানীয় লােকে জনােৱা মতে, শিল বৰষুণৰ ফলত মৃত্যু হোৱা বগলীৰ সংখ্যা ৩ শতাধিক।

ধুমুহা- শিলাবৃষ্টিৰ বাবে ভয়তে নিৰ্দিষ্ট বাঁহনি এৰি আন ঠাইলৈ গুচি গৈছে দুই শতাধিক বগলী।

2

এই ঘটনাই পুতুল বৰাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজক শোকস্তব্ধ-মর্মাহত কৰাৰ লগতে প্রকৃতিপ্রেমীসকলক উদ্বিগ্ন কৰিছে।

শিলাবৃষ্টিত গুৰুতৰভাৱে আহত শতাধিক বগলীৰ চিকিৎসাৰ দিহা কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে সৰস্বতী পূজাৰ দিনটােত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰবল বৰষুণৰ লগতে অভূতপূৰ্ব শিলাবৃষ্টি হয়।

লগতে চাওকঃ

ত্ৰিৰংগাৰে মেৰিয়াই শ্বহীদৰ মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল এটি ময়ূৰৰ, কিন্তু কিয়?

P07

Leave a Reply

Your email address will not be published. Required fields are marked *